ABSTRACT | PDF

সম্পাদকীয়

সাত ২.০

শ্যামন্ত দাস, মৈথিলী হাজাৰিকা

সহকাৰী অধ্যাপকমনোচিকিৎসা বিভাগ, গৌহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাল, গুৱাহাটী, অসম, ভাৰত, নিদানিক মনোবিদ্যাৰ সহযোগী অধ্যাপকমনোচিকিৎসা বিভাগ, গৌহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাল, গুৱাহাটী, অসম, ভাৰত

সাৰাংশ

ক’ভিদৰ সময়ছোৱাত মনোৰোগৰ চিকিৎসককে ধৰি আটাইবোৰ বিভাগৰ চিকিৎসকেই সমূখ-শাৰীৰ কর্মী হিচাবে বর্তি হৈ আছে আৰু তাৰে প্রত্যক্ষ অভিজ্ঞতাৰেই এই সম্পাদকীয়।

সূচক শব্দ: ঢৌ। সংকটকালীন। বীজাণু।

যোগাযোগ: ডা° শ্যামন্ত দাস; এম, ডি; ৩ক/সুন্দৰপুৰ মুখ্য উপপথ, ৰাধাগোবিন্দ বৰুৱা (আৰ জি বি) পথ, গুৱাহাটী-৭৮১০০৫, অসম, ভাৰত। dr.shyamantadas@gmail.com

গ্রহন: ১০ আগষ্ট ২০২১

সংশোধন: ২৩ আগষ্ট ২০২১

অনুমোদন: ২৪ আগষ্ট ২০২১

ই প্রকাশন: ২৮ অক্টোবৰ ২০২৩

গোটেই বিশ্বৰ লগতে ভাৰতকো, অসমকে ধৰি উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহ, ক’ভিদৰ দ্বীতৃয় ঢৌৱে জোকাৰি গৈছে। ক’ভিদৰ প্রথম ঢৌৰ সময়ৰ দৰে আমি পুনৰবাৰ প্রস্তুত হ’লো। মনোৰোগৰ চিকিৎসক হিচাবে নিৰন্তৰ সেৱাৰ লগতে সমূখ-শাৰীৰ ক’ভিদ চিকিৎসক ৰূপে সাত দিনৰ বাবে সোমাই গ’লো ক’ভিদ চিকিৎসা কেন্দ্রত। যোৱাবাৰ প্রথম ঢৌৰ সময়ত সমূখ-শাৰীৰ ক’ভিদ চিকিৎসক ৰূপে আমাৰ কর্মস্থান আছিল গৌহাটী চিকিৎসা মহাবিদ্যালয়ৰ চুপাৰ-স্পেচিলিতি হাস্পাতাল,[১] যি স্থানক ক’ভিদ কেন্দ্র হিচাবে পৰিৱর্তন কৰি লোৱা হৈছে। এইবাৰ আমাৰ কর্মস্থান হ’লহি গৌহাটী চিকিৎসা মহাবিদ্যালয়ৰ সংকটকালীন বিভাগ। ইয়াৰ পাঁচটা মহলাত মু্ঠ তিনিশ ক’ভিদ ৰোগীক চিকিৎসা আগবঢ়াই থকা হৈছে। ৰেড জ’ন আৰু গ্রীন জ’নৰ পৰা অহৰহ ২৪/৭ কাম চলিছে। পার্চনেল প্রটেক্তিভ ইকুইবমেন্ত (পি, পি, ই) পৰিধাণ কৰি ৰেড জ’নত ৰোগীৰ প্রত্যক্ষ সেৱা আৰু গ্রীন জ’নৰ পৰা কর্ম সঞ্চালনেৰে ছঁটা দিন পাৰ হ’ল।

সপ্তম দিনা পুৱা গাত তাপ অনুভৱ কৰিলো। কর্মস্থানলৈ যোৱাৰ পূর্বে খোজ দিলো ক’ভিদ পৰীক্ষা কেন্দ্রলৈ। ৰেপিড এন্টিজেন টেষ্ট (ৰেট)-এ আমাৰ শৰীৰত ক’ভিদ বীজাণু চিনাক্ত কৰিলে আৰু লগে লগে ৰোগী হিচাবে হাস্পাতালত ভর্তি হ’লো। আইভাৰমেকটিন আৰু দক্সিচাইক্লীনেৰে প্রথম দিনাৰ পৰাই চিকিৎসা আৰম্ভ হৈ গ’ল। সাত দিনৰ মূৰত যেতিয়া ৰেট আৰু ৰিভার্চ ট্রেন্সক্রীপটেজ পলিমেৰেজ চেইন ৰিয়েক্সন (আৰ, টি, পি, চি, আৰ)-ত আমাৰ শৰীৰৰ ক’ভিদ বীজাণু আতঁৰিল, হাস্পাতালৰ পৰা ছুটি ল’লো। সাত দিন হোম আইচোলেছনৰ পাছত সুষ্ঠ হৈ পুনৰ গৌহাটী চিকিৎসা মহাবিদয়্যালয়ৰ মনোচিকিৎসা বিভাগত কর্মৰত হৈ পৰিলো। ক’ভিদ ৰোগীৰ চিকিৎসক আৰু ক’ভিদ ৰোগৰ ৰোগী হিচাবে কটোৱা এই অমুল্য অভিজ্ঞতাই নিশ্চয়কৈ আমাক মনোচিকিৎসক ৰূপে এমপেথী আৰু ৰেপোৰ সম্বৃদ্ধিৰে উপকৃত কৰিব।

স্বীকৃতি

ডা° লিন্দা কটলাৰ আৰু ফ’গার্টী দল। চিৰকলীয়া অ-সংক্রমিত ৰোগৰ ক্ষেত্রত ভাৰত-মার্কিন যুক্তৰাষ্ট্রৰ কার্যক্রম (চি এন চি দি’জ) #D43 TW009120 (ম হাজাৰিকা, ফেল’)।

প্রসংগ

১. দাস শ, ভান্ডাৰী স স। চেভেন দেইজ এন্ড চেভেন নাইটচ। অপেন জার্নাল অফ চাইকিয়েত্রী এন্ড এলাইড চাইঞ্চৈজ। ২০২১;১২:৮১-২। দি, অ, আই: 10.5958/2394-2061.2021.00030.6। ই প্রকাশন ২০২০ মার্চ ৩১।

দাস শ, হাজাৰিকা ম। সাত ২.০। অপেন জার্নাল অফ চাইকিয়েত্রী এন্ড এলাইড চাইঞ্চৈজ। ২০২৩ অক্টোবৰ ২৮। মুদ্রণৰ আগৰ ই প্রকাশন।

সমর্থনৰ উৎস: শূন্য। মুনাফাৰ ঘোষণা: অনুপস্থিত।


EDITORIAL

Seven 2.0

Shyamanta Das1, Mythili Hazarika2

1Assistant Professor, Department of Psychiatry, Gauhati Medical College Hospital, Guwahati, Assam, India, 2Associate Professor of Clinical Psychology, Department of Psychiatry, Gauhati Medical College Hospital, Guwahati, Assam, India

Abstract

During the Covid times, doctors of all disciplines, including psychiatry are engaged as front-line workers and this editorial is on that experience.

Keywords: Wave. Emergency. Germ.

Correspondence: Dr. Shyamanta Das, MD; 3A/Sundarpur main lane, Radha Govinda Baruah (RGB) Road, Guwahati-781005, Assam, India. dr.shyamantadas@gmail.com

Received: 10 August 2021

Revised: 23 August 2021

Accept: 24 August 2021

Epub: 28 October 2023

The second wave of Covid is shaking India, including its North-Eastern state of Assam and the rest of the world. Like the times of the first wave of Covid, we got ready again. In addition to delivery of mental health services, we entered into the Covid care centre as front-line Covid doctors. Our workplace as front-line Covid doctor last time during the first wave was the Super-Specialty Hospital of the Gauhati Medical College (GMC),[1] which was turned to a Covid care centre. The workplace this time was the Emergency Department of GMC. Here, treatment was going on for 300 Covid patients staying in the five floors. Work was going on continuously 24/7 from both the red and green zones. Six days passed through direct in-person care in the red zone by wearing the personal protective equipment (PPE) and by coordination of work from the green zone.

In the morning of the seventh day, we felt feverish. We proceeded to the Covid screening area before going to the workplace. Rapid Antigen Test (RAT) detected Covid germ in our body and immediately got admitted in hospital. Treatment started with ivermectin and doxycycline from the first day itself. Once RAT and Reverse Transcriptase-Polymerase Chain Reaction (RT-PCR) could not detect Covid germ in our body after seven days, got discharged from hospital. Following seven days of home isolation, rejoined in health the Department of Psychiatry, GMC and started work. This invaluable experience of being a doctor of Covid patients and being a patient of Covid will invariably help as mental health doctors through enrichment of empathy and rapport.

ACKNOWLEDGEMENTS

Dr. Linda Cottler and the FOGARTY team. INDO-US program in chronic non-communicable diseases (CNCDs) #D43 TW009120 (M Hazarika, Fellow).

REFERENCES

  1. Das S, Bhandari SS. Seven days and seven nights. Open J Psychiatry Allied Sci. 2021;12:81-2. doi: 10.5958/2394-2061.2021.00030.6. Epub 2020 Mar 31.

Das S, Hazarika M. Seven 2.0. Open J Psychiatry Allied Sci. 2023 Oct 28. Epub ahead of print.

Source of support: Nil. Declaration of interest: None.

Creative Commons License
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

Nach oben